December 21, 2024 7:56 PM | Surja das

printer

গণ শিল্পী সূৰ্য দাসৰ দেহাৱসান

মানুহ দেখিছো আজি, বহুত মানুহ, শীৰ্ষক গীতটিৰে অগণন শ্রোতা-জনতাৰ হৃদয়ত স্থান লাভ কৰা গণ শিল্পী সূৰ্য দাসৰ অন্ত্যোষ্টিক্রিয়া কিছু সময় পূৰ্বে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়।
নগাঁও জিলাৰ ধৰ্মতুলত আজি পুৱা দেহাৱসান ঘটা গণ শিল্পী সূৰ্য দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ বাসগৃহলৈ অনাৰ পাছত বহু লোকে তেওঁক শেষ শ্রদ্ধা জ্ঞাপন কৰে। কেইবাটাও জীৱনমুখী গীতেৰে জনতাৰ শিল্পী হৈ উঠা সূৰ্য দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ।

অসম সাহিত্যসভাৰ বিষ্ণু ৰাভা বঁটাকে ধৰি ভালেমান বঁটা আৰু সন্মানেৰে সন্মানিত সূৰ্য দাসৰ গীতসমূহত প্রচ্ছন্ন জাতীয়তাবোধ আৰু মানৱ প্ৰেমৰ প্ৰতিফলন দেখা যায়। মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বৰা, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু ব্যক্তি আৰু দল সংগঠনে শিল্পাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি মনোজ ধানৱাৰেও শিল্পীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে ।