ভাৰতে ছিড়ছ (এছএমইএছৰ দক্ষ বিকাশৰ বাবে সঁজুলি যোগান) পদক্ষেপৰ অধীনত চুৰিনামলৈ পেচন ফ্রুট প্রচেছিঙৰ বাবে দ্বিতীয় আৰু অন্তিম খেপত যন্ত্রপাতি প্ৰেৰণ কৰিছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে ইয়াৰ লক্ষ্য হৈছে চুৰিনামৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু কৃষকৰ আয় বৃদ্ধি কৰা। এই প্ৰকল্পৰ জৰিয়তে ভাৰত-চুৰিনামৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় হ’ব বুলি মন্ত্ৰালয়ে লগতে উল্লেখ কৰে।