প্রতিবন্ধীসকলৰ প্ৰতি কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ এখন শক্তিশালী আইন প্রণয়ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। প্রতিবন্ধীসকলৰ মৰ্যদা ৰক্ষাৰ বাবে কঠোৰ আইন প্রণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয়, যে অনুসূচীত জাতি-জনজাতিৰ আইনৰ ভিত্তিত বিশেষভাবে সমর্থ ব্যক্তি জীনগত সমস্যা থকা লোকক উপহাস কৰা অপমানজনক মন্তব্যক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে আইন প্রণয়ন কৰিবলৈ আহ্বান জনায়। মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছিৰ বিচাৰপীঠে কয়, যে সামাজিক মাধ্যমত প্ৰচাৰ কৰা কেতবোৰ আপত্তিজনক বা বে-আইনী বিষয়বস্তুৰে প্ৰস্তুত কৰা ভিডিঅ নিয়ন্ত্ৰণ কৰিবলৈ এটা নিৰপেক্ষ, স্বাধীন আৰু স্বায়ত্ব শাসিত সংস্থাৰ প্ৰয়োজন আছে।
এছ এম ই কিঅ’ৰ ফাউণ্ডেচনে দাখিল কৰা এখনৰ আবেদনৰ শুনানি গ্রহণ কৰি শীর্ষ আদালতে এই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।