বিশিষ্ট নাট্যকাৰ শুক্রাচাৰ্য ৰাভাৰ মৃত্যুবার্ষিকী উপলক্ষে গোৱালপাৰাৰ বাদুংদুপ্পা কলা কেন্দ্ৰত শ্রদ্ধাঞ্জলি অনুষ্ঠান

বিশিষ্ট নাট্যকাৰ শুক্রাচাৰ্য ৰাভাৰ ষষ্ঠ মৃত্যুবার্ষিকী উপলক্ষে আজি গোৱালপাৰা জিলাত থকা বাদুংদুপ্পা কলা কেন্দ্ৰত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে নাট্যকাৰগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। তাৰ পাছতে বাদুংদুপ্পাৰ বাকৰিত ৰাভাসকলৰ ফাৰ্কান্তি নৃত্য পৰিৱেশন কৰাৰ লগতে নাট্যকাৰগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জনাবলৈ সংকীৰ্তন কৰা হয়। বিয়লি স্থানীয় শিল্পীসকলৰ দ্বাৰা দদান ৰাজা নামেৰে এখন নাট পৰিৱেশন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।