আমেৰিকাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ লৈ যোৱা AXIOM-4 অভিযান আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হয়। অভিযানত অন্তৰ্ভুক্ত চাৰিগৰাকী মহাকাশচাৰী ফেলকন নাইন ৰকেটৰ সহায়ত স্পেচ এক্স ড্রেগন মহাকাশ যানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বুলি ৰাওনা হয়। আমেৰিকাৰ কামাণ্ডাৰ পেইগি হুইটছনে এই অভিযানত নেতৃত্ব বহন কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক এই অভিযানৰ মিছন পাইলট আৰু হাংগেৰীৰ তিব’ৰ কাপু আৰু প’লেণ্ডৰ স্নাৱেজ উজনানস্কি ৱিচনিউস্কিক বিশেষজ্ঞ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। কেপ্তেইন শুক্লা, ১৯৮৪ চনত ছোভিয়েট অভিযানৰ অংশ হিচাপে ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাৰ পাছত মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ইছৰ’ৱে প্ৰকাশ কৰিছে যে ভাৰতীয় সময় অনুসৰি কাইলৈ বিয়লি চাৰে চাৰি বজাত AXIOM-4 আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। তাৰপাছত মহাকাশচাৰীসকলে মহাকাশ কেন্দ্ৰত দুসপ্তাহ কটোৱাৰ লগতে বিভিন্ন পৰীক্ষা সম্পন্ন কৰিব। মহাকাশচাৰীসকলে ইছৰ’ৰ কেইবাটাও গৱেষণা প্ৰকল্পৰ লগতে ৩১ খন দেশৰ প্ৰায় ৬০ টা বৈজ্ঞানিক অধ্যয়ন সম্পন্ন কৰিব। গ্রুপ কেপ্তেইন শুক্লাই এই যাত্ৰাক অভিনৱ বুলি উল্লেখ কৰি মহাকাশৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিছে। ভাৰতীয় মহাকাশচাৰী গৰাকীয়ে ৪১ বছৰ পাছত তেওঁলোক পুনৰ মহাকাশলৈ যোৱা বুলি আৰু প্ৰতি ছেকেণ্ডত ৭ দশমিক ৫ কিলোমিটাৰ বেগেৰে পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা বুলি প্ৰকাশ কৰিছে। এই যাত্ৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাবেই নহয়, বৰং ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ বাবেও আৰম্ভণি বুলি শ্ৰীশুক্লাই মন্তব্য কৰে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙে এই অভিযানৰ বাবে শুভাংশু শুক্লাক অভিনন্দন জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।