দিল্লীত অহা ১৯ আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ তিনিটা শাখাত ১০৬ টা দলে অংশ ল’ব। ১৭ বছৰ অনুৰ্ধ ল’ৰা, ১৭ বছৰ অনুৰ্ধ ছোৱালী আৰু চাব-জুনিয়ৰ শাখাত খেলসমূহ অনুষ্ঠিত হ’ব। ২৫ ছেপ্টেম্বৰলৈ দিল্লী আৰু বেংগালুৰুত চলিবলগীয়া এই প্ৰতিযোগিতা ১৯ আগষ্টত দিল্লীত ১৭ বছৰ অনুৰ্ধ শাখাৰ প্ৰতিযোগিতাৰে আৰম্ভ হ’ব। ২ ছেপ্টেম্বৰৰ পৰা বেংগালুৰুত ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ লগতে ১৬ ছেপ্টেম্বৰৰ পৰা দিল্লীত প্ৰতিযোগিতাখনৰ ১৭ বছৰ অনুৰ্ধ ল’ৰা শাখাৰ খেল অনুষ্ঠিত হ’ব।
Site Admin | August 13, 2025 12:18 PM | subrata cup
অহা ১৯ আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণ