ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শুভাংশু শুক্লাসহ ৪গৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত

ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাসহ চাৰিগৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযানখনে আজি বিয়লি চাৰি বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে উপস্থিত হোৱাত ভাৰতে ইতিহাস ৰচিছে। লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পাছত মহাকাশত অৱতৰণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হ’ল। এই ঐতিহাসিক অভিযানত আমেৰিকা, ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ চাৰিগৰাকী মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৪ দিন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাব। AXIOM-4 অভিযানে কেৱল বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলোৱাই নহয়, ই ভাৰতক বিশ্বৰ প্ৰযুক্তিৰ পাৱাৰহাউছ হিচাপে উত্থানক প্ৰতিফলিত কৰিছে। ইয়াৰ ফলত মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ সামৰ্থ, বহনক্ষমতা আৰু বিশ্বৰ অভিযানৰ বাবে গুৰুত্বপূৰ্ণ অৱদানক অধিক প্ৰসাৰিত কৰিব। শুভাংশু শুক্লাই খাদ্য আৰু মহাকাশ পৰিপুষ্টিৰ লগত জড়িত উল্লেখযোগ্য পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগিতাৰে তথা নাছাৰ সমৰ্থনেৰে চলাবলগীয়া এই সম্পৰীক্ষাই মহাকাশত জীৱন ৰক্ষাৰ ব্যৱস্থাৰ বহন ক্ষমতা আৰু ভবিষ্যতে দীৰ্ঘ সময়ৰ মহাকাশ পৰ্যটনৰ গুৰুত্বপূৰ্ণ দিশসমূহ চালি-জাৰি চাব। তেওঁলোকে লগতে ভৱিষ্যতৰ মহাকাশ অভিযানৰ প্ৰতি ৰক্ষ্য ৰাখি সূক্ষ্ম মধ্যাকৰ্ষণ শক্তিৰ প্রভাৱ, মহাকাশৰ বিকিৰন, পৰিপুষ্টিজনিত খাদ্যৰ উৎস আদি সন্দৰ্ভত পৰীক্ষা চাব৷ ইপিনে, কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে শুভাংশু শুক্লা তথা AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে৷ সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয়, যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৪ দিন অতিবাহিত কৰিবলগীয়া দিনকেইটা বিশ্ববাসীয়ে অতি আগ্ৰহ আৰু তীব্ৰ উৎকণ্ঠাৰে প্ৰত্যক্ষ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।