আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা প্ৰথম ভাৰতীয় মহাকাশচাৰী বায়ু সেনা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই কক্ষপথীয় পৰীক্ষাগাৰত ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচ বিকশাই তোলাৰ বাবে কাম কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই এটা পোষ্ট যোগে AXIOM 4 মহাকাশ অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা শুক্লাই সতীর্থ মহাকাশচাৰী পোলেণ্ডৰ শ্লাঅজ উজনাস্কি উইজনিউক্সিৰ সৈতে কলম্বাচ পৰীক্ষাগাৰত কাম কৰি থকাৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। এই অধ্যয়নত মস্তিষ্কৰ গতিবিধি ৰেকৰ্ড কৰাৰ বাবে অধ্যয়নৰ জৰিয়তে নিয়াৰ ইনফ্ৰাৰ্ডে প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। থটছ অভাৰ গ্রেভিটি নামৰ এই সম্পৰীক্ষাৰ জৰিয়তে মহাকাশচাৰীসকলে কিদৰে কম মাধ্যাকাণৰ প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজতো ব্ৰেইনৰ জৰিয়তে কম্পিউটাৰ নিয়ন্ত্ৰণ কৰে সেই বিষয়ে অন্বেষণ কৰা হৈছে।
Site Admin | July 3, 2025 8:24 PM | Subanshu sukla
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচ বিকশাই তোলাৰ কামত ব্যস্ত শুভাংশু শুক্লা