ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 19, 2024 6:43 PM | state govt employee

printer

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২১ লাখ নতুন কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত

চলিত বৰ্ষৰ যোৱা ছেপ্তেম্বৰ মাহৰ ভিতৰত দেশৰ প্ৰায় ২১ লাখ নতুন কৰ্মচাৰীয়ে কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত নাম অন্তৰ্ভুক্ত কৰিছে। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি যোৱা ছেপ্তেম্বৰ মাহৰ ভিতৰত ২০ লাখ ৫৮ হাজাৰ নতুন কৰ্মচাৰীয়ে নতুনকৈ নাম পঞ্জীয়ন কৰে। যোৱা বছৰটোৰ তুলনাত এই বছৰ পঞ্জীয়ন কৰা কৰ্মচাৰীৰ সংখ্যা ৯ শতাংশ বৃদ্ধি পাইছে। নতুনকৈ পঞ্জীয়ন কৰা কৰ্মচাৰী সকলৰ ভিতৰত ১০ লক্ষাধিক কৰ্মচাৰীৰ বয়স ২৫ বছৰ। আনহাতে ৩ লাখ ৯১ হাজাৰ মহিলা কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিছে। ইয়াৰ লগতে ৬৪ গৰাকী তৃতীয় লিংগৰ কৰ্মচাৰীয়ে নাম পঞ্জীয়ন কৰা বুলি কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।