ডাউনলোড
মোবাইল এপ

android apple
signal

August 7, 2025 12:45 PM | state govt

printer

বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰী ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা ৬টা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰী কৰিছে। এই অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব। দিছপুৰত যোৱা ১৭ জুলাইত অনুষ্ঠিত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এখন বৈঠকত ৰাজ্যৰ ১০০ খন বিদেশী নায়াধীকৰণত ৰুজু হৈ থকা এই ৬টা ধৰ্মাৱলম্বী  লোকসকলৰ গোচৰসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণৰসমূহৰ লগতে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে। এই জাননীত গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোৰ্খা আৰু কোচ-ৰাজবংশীসকলৰ বিৰুদ্ধে গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।