ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2025 12:21 PM | state govt

printer

ৰাজ্যত বিগত ৪ বছৰত ৰাজহ সংগ্ৰহ ৮৩ শতাংশ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ

অসম চৰকাৰে কৰ ব্যৱস্থাৰ ক্ষেত্ৰত কৰা সংস্কাৰৰ বাবে বিগত ৪ বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ ৮৩ শতাংশ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ২০২০-২১ বৰ্ষত কৰ, আবকাৰী, পৰিবহণ, পঞ্জীয়ন, খনি আৰু খনিজ, বন আৰু অন্য বিভাগসমূহৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ১৯ হাজাৰ ৯৩০ কোটি টকা আছিল। ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰিমাণ ৩৬ হাজাৰ ৫৪৯ কোটি টকালৈ বৃদ্ধি পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কৌশলী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে ৰাজ্যখনত দ্রুত বিকাশ পৰিলক্ষিত হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে নিৰ্ধাৰিত বাজেটত ৮৬ শতাংশ ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছিল। বাজেটত প্ৰস্তাৱিত ১ লাখ ৬৮ হাজাৰ ৬৭৩ কোটি টকাৰ ভিতৰত ১ লাখ ৪৪ হাজাৰ ৭০২ কোটি টকা ব্যয় কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে, মূলধনী ব্যয় ২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অভূতপূর্বভাৱে ১০৩ শতাংশ হাৰত বৃদ্ধি হৈছে। ২০২০-২১ বৰ্ষত এই ব্যয় ১২ হাজাৰ ৪৮৭ কোটি টকাৰ পৰা ২০২৪-২৫ বৰ্ষত ২৫ হাজাৰ ৩৫৪ কোটি টকালৈ বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক