গুৱাহাটী মহানগৰীত বানৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে মহানগৰীখনৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰতে বোকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে নলা নিষ্কাশনৰ পাছত ২৪ ঘণ্টাতকৈ অধিক সময় ধৰি নলাৰ কাষত বোকাসমূহ পেলাই থোৱাৰ ফলত বৰষুণত এই বোকাসমূহ পুনৰ নলাত সোমাই যায়। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰে।
Site Admin | April 28, 2025 12:56 PM | state govt
গুৱাহাটীৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰত বোকা আঁতৰোৱাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
