চাহ বাগিচা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ‘স্বাস্থ্যৱান শ্রমিক যোজনা’ শীর্ষক এখন অভিলাষী আঁচনি গ্রহণ কৰিছে। শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ফুলবাৰী চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় প্রাঙ্গণত এটা গাম্ভীর্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আজি এই আঁচনিখনৰ জিলা পৰ্যায়ত শুভাৰম্ভ কৰা হয়। ফুলবাৰীৰ জিলা পৰিষদৰ সদস্য বিকি তাঁতীয়ে আনুষ্ঠানিকভাৱে এই আঁচনিখন উদ্বোধন কৰি চাহ শ্রমিক সমাজৰ কল্যানৰ বাবে ইয়াক এক শক্তিশালী ব্যৱস্থা বুলি অভিহিত কৰে।
স্বাস্থ্য বিভাগৰ উদ্যোগত ৰূপায়িত এই আঁচনিখনৰ মূল লক্ষ্য হৈছে চাহ-শ্রমিকসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত স্বাস্থ্য সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰা। তাৰ বাবে এই আঁচনিৰ জড়িয়তে নিয়মিত স্বাস্থ্য পৰীক্ষাৰে শ্ৰমিকসকলক উপযুক্ত চিকিৎসা প্রদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে।
অনুষ্ঠানত চাৰিদোৱাৰৰ চক্ৰ বিষয়া, বিশিষ্ট চিকিৎসক ডাঃ ক্ষিৰোদ কমল হাজৰিকা, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিভা ননী কেওঁতৰ লগতে জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ (NHM) উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।