ৰাজ্য চৰকাৰে কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যত পুনৰ লটাৰী অথবা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দর্ভত পূৰ্বৰ এটা নির্দেশনা খাৰিজ কৰি ৰাজ্যত লটাৰী অনুষ্ঠিত কৰা-নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছিল। এই নির্দেশৰ পাছতে কালি ৰাজ্যৰ বিত্ত বিভাগে ৰাস মহোৎসৱ, লক্ষ্মী পূজা, দৌল উৎসৱ আদিত জিলা আয়ুক্তই এই খেলৰ বাবে অনুমতি দিব পাৰিব বুলি নির্দেশ দিছে। অৱশ্যে ইয়াৰ বাবে লটাৰী অনুষ্ঠিত কৰা উদ্যোক্তা সমিতিয়ে লিখিতভাৱে জিলা আয়ুক্তৰ পৰা অনুমতি লব লাগিব। জিলা আয়ুক্তই ইয়াৰ বাবে যাৱতীয় কৰ সংগ্ৰহৰ নিৰ্দেশ দিব লাগিব আৰু কৰ আদায় নিদিয়া সমিতিক লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি দিব নোৱাৰিব বুলি নির্দেশনাত স্পষ্ট কৰি দিয়া হৈছে।
Site Admin | November 12, 2025 12:41 PM | state govt
ৰাজ্যত পুনৰ লটাৰী খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি ৰাজ্য চৰকাৰৰ