জনসাধাৰণৰ কাম আৰু চৰকাৰৰ সেৱাসমূহ অধিক স্বচ্ছ আৰু ক্ষিপ্ৰতাৰ লগতে নিয়াৰিকৈ উপলব্ধ কৰাত সহায়ক হোৱাকৈ প্রশাসনত কৃত্রিম বুদ্ধিমত্তাৰ বহুল প্রয়োগত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অসম তথা উত্তৰ-পূব ভাৰতক এ আই হাবৰূপে প্ৰতিষ্ঠাৰ বাবেও প্রয়োজনীয় কাৰিকৰী সামৰ্থ আহৰণ আৰু আন্তঃগাঁথনিৰ বিকাশত চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত কালি মন্ত্রী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তথ্য প্রযুক্তি বিভাগে গুগলৰ সৈতে প্ৰশাসনত কৃত্রিম বুদ্ধিমত্তা বিষয়ক এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ তথ্য প্রযুক্তি বিভাগৰ সচিব গোপীনাথ নাৰায়ণ আৰু গুগল ক্লাউডৰ ভাৰতৰ সঞ্চালক তথা দেশীয় প্রমুখ আশীষ বাটালে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে সামর্থ বিকাশ আৰু বিষয়াসকলৰ কৰ্ম নিপুণতা বৃদ্ধিৰ জৰিয়তে চৰকাৰী সেবাসমূহ অধিক সুচাৰুৰূপে তথা খৰতকীয়াকৈ ৰাইজৰ ওচৰলৈ নিবলৈ সমৰ্থ হ‘ব বুলি আশা কৰা হৈছে। এই বুজাবুজিৰ চুক্তি সন্দৰ্ভত মন্ত্রী কেশৱ মহন্তই এইদৰে কয়।
Site Admin | November 12, 2025 12:34 PM | state govt
ৰাজ্য চৰকাৰ গুগলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰক লৈ এখন বিশেষ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ