ডাউনলোড
মোবাইল এপ

android apple
signal

August 1, 2025 11:15 AM | Starlink

printer

ষ্টাৰলিংকৰ ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ইলন মাস্ক নেতৃত্বাধীন ষ্টাৰলিংকে ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ম’বাইল কনক্লেভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিগত ১১ বছৰত ভাৰতৰ ডিজিটেল যাত্ৰাক অসাধাৰণ বুলি অভিহিত কৰে। তেওঁ কয় যে যোৱা দশকত দুর্গম গাঁৱৰ পৰা মেট্ৰ’ চহৰলৈকে ডিজিটেল সেৱাৰ প্ৰৱৰ্তনে নাগৰিকসকলক অধিক সবল কৰি তুলিছে আৰু ভাৰতক সুলভ আৰু সৰ্বাংগীন প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিছে। তেঁও লগতে কয় যে দেশত এতিয়া ১.২ বিলিয়ন টেলিফোন সংযোগ আছে আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ২৮৬ শতাংশ বৃদ্ধি পাই ৯৭ কোটি হৈছে। মোবাইল ডাটা সেৱাৰ খৰচ ৯৬.৬ শতাংশ হ্ৰাস পোৱাৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰতে সুলভ মুল্যত ইন্টাৰনেট সেৱা প্ৰদানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। সিন্ধিয়াই লগতে কয় যে 5G নেটৱৰ্ক সেৱা দেশৰ ৯৯.৬ শতাংশ জিলাত উপলব্ধ হৈছে আৰু ৩০ কোটি গ্রাহকে ৪লাখ ৭৪হাজাৰ 5G টাৱাৰৰ জৰিয়তে ইয়াৰ সুবিধা লাভ কৰিছে। তেওঁ লগতে জনাইছে যে ভাৰতী গ্রুপ সমর্থিত ইউটেলছেট ৱানৱেব আৰু জিঅ’ এছ ই এছেও উপগ্রহ ভিত্তিক যোগাযোগ সেৱা আৰম্ভ কৰিবলৈ স্পেকট্ৰম আবণ্টনৰ বাবে অপেক্ষা কৰি আছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰী টেলিকম কোম্পানী বিএছএনএলক পুনৰুজ্জীৱিত কৰি ৮৩ হাজাৰৰো অধিক 4G নেটৱৰ্ক ক্ষেত্ৰ স্থাপন কৰা হৈছে বুলিও উল্লেখ কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।