ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:17 PM | stabing

printer

দিছপুৰৰ নাহৰণি পথত প্ৰেমিকৰ ছুৰীৰ আঘাটত এগৰাকী বিবাহিতা মহিলাৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ দিছপুৰৰ নাহৰণি পথত আজি ব্যর্থ প্ৰেমিকৰ ছুৰীৰ আঘাটত এগৰাকী বিবাহিতা মহিলাৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে আজি দুপৰীয়া ভূপেন দাস নামৰ বৃত্তিত টেক্সী চালকএগৰাকীয়ে দিছপুৰৰ লাষ্টগেটৰ সমীপৰ নাহৰণি পথত এগৰাকী বিবাহিতা মহিলাক ছুৰীৰে ডিঙি আৰু পেটত আক্ৰমণ কৰে। মহিলাগৰাকীয়ে হাততো ছুৰীৰ আঘাত পায়। গুৰুতৰভাৱে আহত মহিলাগৰাকীক স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও হাস্পতালতে তেওঁৰ মৃত্যু হয়। এই ঘটনা সংঘটিত কৰি ভূপেন দাস নামৰ অভিযুক্তজনে আত্মহত্যাৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰে। বিবাহিত ভূপেন দাসে বিবাহিতা মহিলাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও এই প্ৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰাত ভূপেনে এই চৰম পন্থা গ্ৰহণ কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মৃত মহিলাগৰাকীৰ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখঙত বুলি আমাৰ সংবাদদাতাই জনাইছে।