শ্রীলংকা চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিসকলক আজীৱন চৰকাৰী বাসগৃহ আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ বাবে থকা আইন প্রত্যাহাৰ কৰাৰ পাছত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষই তেওঁৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ কৰিছে। ৰাজাপাক্ষ আৰু তেওঁ পত্নী চিৰন্থীয়ে কালি দুপৰীয়াৰ ভাগত চৰকাৰী বাসভৱনৰ পৰা ওলাই যায়। এই দৃশ্য চাবলৈ তেওঁৰ বাসভৱনৰ সন্মুখত ভালেমান লোকৰ ভিৰ পৰিলক্ষিত হয়। উল্লেখযোগ্য যে শ্রীলংকাৰ সংসদত বুধবাৰে ৰাষ্ট্ৰপতি সা-সুবিধা প্ৰত্যাহাৰ আইনখন সপক্ষে ১৫১টা আৰু বিপক্ষে এটা ভোটৰ ব্যৱধানত গৃহীত হয়। ইয়াৰ ফলত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু তেওঁলোকৰ পত্নীসকলে লাভ কৰা চৰকাৰী বাসভৱন, বিভিন্ন প্ৰকাৰৰ ভাট্টা আৰু আন সা-সুবিধাৰ বিলুপ্তি ঘটোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে আইনৰ সংশোধনীৰ ফলত দেশখনৰ আন দুগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি মৈথ্রীপালা চিৰিসেনা আৰু চন্দ্ৰিকা কুমাৰাতুংগাইও বর্তমানে বসবাস কৰি থকা চৰকাৰী বাসভৱন ত্যাগ কৰিব লাগিব।
Site Admin | September 12, 2025 6:44 PM | SRILANKA
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ
