শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই অনুষ্ঠানত মহাপুৰুষজনাৰ এটি বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হয়। কেন্দ্ৰটোৰ পৰিচালক আৰু প্ৰথম সঞ্চালক, অধ্যাপক অংকুৰণ দত্তৰ উদ্যোগ আৰু পৰিকল্পনাত অধ্যাপক উপুল ৰঞ্জিতে হেৱাৱিটানগমগেয়ে সিংহলী ভাষালৈ অনুবাদ কৰা ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো অচিথ আট্টাপাটুৱে পৰিৱেশন কৰে। আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে শ্রী জয়বর্ধনপুৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক গামিনী ৰাণাসিংহই অসমীয়া সমাজৰ আধ্যাত্মিকতাৰ কেন্দ্ৰ হিচাপে নামঘৰ আৰু ইয়াৰ স্থপতি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অৱদানৰ বিষয়ে ভাষণ দিয়ে। এই অনুষ্ঠানত শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ শৈক্ষিক বিষয়া সঞ্জীৱনী বিদ্যাৰত্নই মাজুলীৰ সত্ৰ সংস্কৃতিৰ বিষয়ে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰীলংকা ভ্ৰমণকালত মহাপুৰুষ দুজনাৰ সিংহলী ভাষাত বাণীবদ্ধ কৰা দুটি বৰগীত অধ্যাপক অংকুৰণ দত্তই প্ৰদৰ্শন কৰিছিল। বিগত ৫ শতিকাত মহাপুৰুষ মাধৱদেৱৰ প্ৰথমটো বৰগীত এই পদক্ষেপৰ জৰিয়তে কোনো বিদেশী ভাষালৈ অনুবাদ তথা পৰিৱেশন কৰা হয়।
Site Admin | June 13, 2025 12:28 PM | srilanka madhavdev tithi
শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন