ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীত পুৱাৰ পৰাই নাম-প্ৰসংগ, নৃত্য-গীত আদি পৰিৱেশন কৰা হয়। মাজুলীৰ ৩৫ খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত উলহ-মালহেৰে জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমী উপলক্ষে মাজুলীৰ কেইবাখনো শিক্ষানুষ্ঠানত কৃষ্ণ নৃত্য, দিহা নাম আদি বিভিন্ন কাৰ্যসূচী আয়োজিত হয়।
বৰপেটা জিলাৰ সৰভোগৰ গৰখীয়া গোসাঁই থানৰ লগতে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু পাটবাউসী সত্ৰত সত্ৰীয়া ৰীতি-নীতিৰে জন্মাষ্টমী পালন কৰা হয়। বৰপেটা সত্ৰত কৃষ্ণৰ জন্ম আৰু শিশু কৃষ্ণৰ লীলা পৰিৱেশন কৰা হয়। সৰভোগৰ গৰখীয়া গোসাঁই থানত আজি হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়।
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত শ্রী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। ধুবুৰী জিলাতো জন্মাষ্টমীৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ ৰামৰাইকুটি, জিনকাটা সত্ৰৰ লগতে নামঘৰসমূহত জন্মাষ্টমী পালন কৰা হৈছে।
পশ্চিমবংগৰ মধুপুৰ সত্ৰতো জন্মাষ্টমী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, নৃত্য-গীত আদি পৰিৱেশন কৰা হয়। ধেমাজিৰ কাছাৰী ময়দানত জন্মাষ্টমী উপলক্ষে দুই সহস্রাধিক শিশুৱে গায়ন-বায়ন, দিহা নাম, ভোৰতাল নৃত্য, কৃষ্ণ নৃত্য আদি পৰিৱেশন কৰে। উত্তৰ-পূব শিশু বিকাশ কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু বিশ্ব হিন্দু পৰিষদৰ যৌথ উদ্যোগত আয়োজিত জন্মাষ্টমীৰ এই কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগু উপস্থিত থাকে।
বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলাৰ উদ্যোগত নলবাৰীৰ হৰি মন্দিৰত আয়োজন কৰা জন্মাষ্টমী উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰি ধৰ্মধবজা উত্তোলন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ধৰ্মীয় শোভাযাত্ৰাতো অংশগ্ৰহণ কৰে। আনহাতে, নলবাৰী জিলাৰ উলাবৰীৰ পাগলাদিয়া নৈত জন্মাষ্টমী উপলক্ষে পৰম্পৰাগত নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয়। বিভিন্ন প্ৰান্তৰ ১০ খন নাৱে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰে।
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অৱস্থিত দৌল গোবিন্দ মন্দিৰতো উলহ-মালহেৰে জন্মাষ্টমী পালন কৰা হয় ৷ জন্মাষ্টমী উপলক্ষে দৌল গোবিন্দ মন্দিৰত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে পূজা-অৰ্চনা কৰে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ বিহুদিয়া প্রখণ্ডৰ উদ্যোগত জন্মাষ্টমী পালন কৰা হয়। এই উপলক্ষে দলৰ কাৰ্যকৰ্তাসকলে মটৰ চাইকেল সমদলত অংশগ্ৰহণ কৰে।
গুৱাহাটী মহানগৰীৰ ইস্কন মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হৈছে। নগাঁও জিলাৰ বটদ্ৰৱা থান আৰু যোৰহাটৰ টীয়কত অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া বৰনামঘৰতো জন্মাষ্টমী পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে বটদ্ৰৱা থান আৰু ঢেকীয়াখোৱা বৰনামঘৰত আইমাতৃসকলে নাম-প্ৰসংগ পৰিৱেশন কৰে। কৰিমগঞ্জ জিলাৰ বিভিন্ন প্ৰান্ততো ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। ভক্তসকলে বিভিন্ন মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে। জন্মাষ্টমী উপলক্ষে কৰিমগঞ্জৰ ইস্কন মন্দিৰ সজাই-পৰাই তোলা হৈছে।