নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি দেশৰ মুঠ ৪৬ টা প্ৰকল্প অসুৰক্ষিত তথা বিপজ্জনক বুলি শক্তি মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ নায়কে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ উত্তৰত শ্ৰী নায়কে কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ উদ্ধৃতিৰে কয়, যে সাগৰ পৃষ্ঠৰ পৰা এহেজাৰ ৫০০ মিটাৰ উচ্চতাত অৱস্থান কৰা যিকোনো অববাহিকাৰ প্ৰথম জলবিদ্যুত প্ৰকল্পক কেন্দ্ৰীয় বিদ্যুত প্ৰাধীকৰণে অসুৰক্ষিত বুলি বিবেচনা কৰাৰ লগতে ইয়াত সুৰক্ষামূলকভাৱে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰকল্পসমূহত আগতীয়া সকীয়নি তথা সতৰ্কতামূলক ব্যৱস্থা ৰূপায়ন কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে অসুৰক্ষিত জলবিদ্যুত প্ৰকল্পৰ তালিকাত অৰুণাচল প্ৰদেশৰ ৪০৫ মেগাৱাটৰ নামনি পেনিয়ৰ আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুত প্ৰকল্প আছে।
Site Admin | August 9, 2025 12:04 PM | Sri pad nayak
দেশৰ মুঠ ৪৬ টা প্ৰকল্প অসুৰক্ষিত আৰু বিপজ্জনক বুলি শ্ৰীপদ নায়কৰ প্ৰকাশ
