ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 22, 2025 8:24 PM | Sri Lanka

printer

নাগাপট্টিনামৰ পৰা ৪ জন মাছমৰীয়াক আক্ৰমণ শ্ৰীলংকাৰ নৌ বাহিনীৰ

শ্ৰীলংকাৰ নৌ বাহিনীয়ে আজি নাগাপট্টিনামৰ পৰা ৪ জন মাছমৰীয়াক আক্ৰমণ কৰে। আক্ৰমণৰ বলি হোৱা মাছমৰীয়া কেইজনে প্ৰকাশ কৰা মতে কোড়িয়াকাড়াইৰ সমীপত মাছমাৰি থকা অৱস্থাত দেশখনৰ নৌ সেনাবাহিনীৰ লোকে তেওঁলোকৰ ডিজেলৰ গেলন, জিপিএছৰ সা-সৰঞ্জাম আজি কাঢ়ি লোৱাৰ লগতে মাছমৰা জালসমূহো নষ্ট কৰে। ইয়াৰ পাছত তেওঁলোকক ডিজেল অবিহনে সাগৰত এৰি দিয়া হয় যদিও সাগৰত থকা আন নাৱৰ মাছমৰীয়াৰ সহায়ত তেওঁলোক পাৰলৈ ঘূৰি আহিবলৈ সমৰ্থ হয়। ঘটনা সন্দৰ্ভত এই মাছমৰীয়া কেইজনে মীন বিভাগ, উপকূলীয় সামুদ্রিক গোট আৰু আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰিছে। তেওঁলোকে লগতে এই ঘটনাৰ উপযুক্ত পদক্ষেপ লোৱাৰ বাবে চৰকাৰক আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।