ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 8, 2025 12:41 PM | Sri Lanka

printer

শ্ৰীলংকাত দুদিনীয়াকৈ BIMSTEC ডিজিটেল সন্মিলন অনুষ্ঠিত

শ্ৰীলংকাৰ কলম্বোত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণ বিষয়বস্তুৰে দুদিনীয়াকৈ BIMSTEC ডিজিটেল সন্মিলন অনুষ্ঠিত হৈছে। শ্রীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা, BIMSTEC-ৰ সাধাৰণ সচিব ইন্দ্ৰ মনি পাণ্ডে, দেশখনৰ উপ-মন্ত্রী এৰাংগা ৱুইৰা ৰত্নে আৰু চাতুৰাংগা আবেছিংঘেৰ উপস্থিতিত এই সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনত ডিজিটেল অর্থনীতি খণ্ডৰ নেতা আৰু বিশেষজ্ঞসকলক লৈ আলোচনা অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ দি ভাৰতৰ উচ্চায়ুক্ত শ্ৰীঝায়ে বিগত দশকত জন-ধন-আধাৰ-মোবাইল অর্থাৎ জেম ত্রিনীটি ব্যৱস্থাৰ জৰিয়তে ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰাৰ বিষয়ত আলোকপাত কৰে। অনুষ্ঠানত শ্ৰীলংকাৰ উদ্যোগ আৰু উদ্যমিতা বিকাশ বিভাগৰ উপ-মন্ত্রী চাতুৰাংগাই BIMSTEC-ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জ্ঞান আৰু প্ৰযুক্তিৰ আদান-প্ৰদানত এই সংস্থাই গ্রহণ কৰা ভূমিকাৰ কথা উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।