ভাৰতে দ্বিতীয় এছিয়ান স্কোৱাচ ডাবলছ চেম্পিয়নশ্বিপছৰ পুৰুষ-মহিলা আৰু মিক্সড্ ডাবলচ- এই তিনিওটা শিতানত খিতাপ দখল কৰিছে। পুৰুষৰ ডাবলচৰ ফাইনেলত শীর্ষ বাছনিপ্ৰাপ্ত অভয় সিং আৰু ভেলাভান চেন্তিল কুমাৰে এখন উত্তেজনাপূর্ণ খেলত পাকিস্তানৰ নুৰ জামান আৰু নাছিৰ ইকবালক ২-১ ফলাফলত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত জোন্সা চিনাপ্পা আৰু অনাহত সিঙে মালয়েছিয়াৰ শক্তিশালী প্ৰতিদণ্ডী আইনা আমানী আৰু জিন য়িং য়িৰ বিৰুদ্ধে ২-১ ফলাফলত বিজয় অর্জন কৰে। ইপিনে মিক্সড ডাবলছ শিতানৰ ফাইনেলত শীর্ষ বাছনিপ্ৰাপ্ত অভয় আৰু অনাহতৰ ভাৰতীয় যুটিটোৱে মালয়েছিয়াৰ ৰাচেল আৰ্ণৰ্ল্ড আৰু অমিসেনৰাজ চন্দ্ৰক ২-০ ফলাফলত সহজে পৰাস্ত কৰে।
Site Admin | June 27, 2025 12:04 PM | squash competition
দ্বিতীয় এছিয়ান স্কোৱাচ ডাবলছ চেম্পিয়নশ্বিপছৰ তিনিওটা শিতানত ভাৰতৰ খিতাপ দখল
