ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 6, 2025 6:49 PM | spotlite

printer

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ আজি নিশা বিশেষ স্পটলাইট প্ৰচাৰ

দেশৰ বিভিন্ন অংশত কাইলৈ হ’বলগীয়া মকড্রিল অর্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা ৯ বাজি ১৫ মিনিটত ইংৰাজী ভাষাত এটা বিশেষ স্পটলাইট প্ৰচাৰ কৰিব। অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এই অনুশীলনৰ বিষয়ে বিশেষজ্ঞৰ মতামত প্ৰচাৰ কৰা হ’ব। এই বিশেষ স্পটলাইট অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা শাখাতে প্ৰচাৰিত হ’ব। এই অনুষ্ঠান প্ৰচাৰৰ বাবে আজি নিশা ৯ বাজি ২৫ মিনিটত প্ৰচাৰ হ’বলগীয়া নিশাৰ আঞ্চলিক বাতৰি ৯ বাজি ৩০ মিনিটত প্ৰচাৰিত হ’ব।

আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই স্পটলাইটৰ অসমীয়া ভাষান্তৰ কাইলৈ পুৱা ৯ বাজি ৩০ মিনিটত প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব।