যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত এঘণ্টা শাৰীৰিক সুস্থতা আৰু খেলৰ নামত উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। হকীৰ যাদুকৰ মেজৰ ধ্যান চন্দ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে এই বছৰ ফিট ইণ্ডিয়া মিছন আৰু ইণ্ডিয়ান স্পৰ্টছ ইক’ ছিষ্টেমে এই অভিযানৰ গুৰি ধৰিব। তেওঁলোকে ২৯ৰ পৰা ৩১ আগষ্টলৈ সমগ্ৰ দেশত তিনিদিনীয়া খেল কাৰ্যসূচীৰ আয়োজন কৰিব। ভাৰতৰ ২০৩৬ চনত অলিম্পিক আৰু পেৰা অলিম্পিক সমাৰোহৰ আয়োজনৰ দৃষ্টিংভগীৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰ্যালয়ে খেল-ধেমালি আৰু শাৰীৰিক সুস্থতাৰ গতি-বিধিত ব্যাপকভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৩১ আগষ্টত সমগ্ৰ দেশৰ জনসাধাৰণে ফিট ইণ্ডিয়া ছানডে’জ অন চাইকেল কাৰ্যসূচীত ভাগ ল’ব। পৰিৱেশ অনুকূল অভ্যাসৰ প্ৰসাৰৰ উদ্দেশ্যে ফিট ইণ্ডিয়া এপ’ৰ জৰিয়তে শীঘ্ৰে কাৰণ নিৰ্গমণ হ্ৰাস কৰাৰ বিশেষ উদ্যম আৰম্ভ কৰা হ’ব ।
Site Admin | August 22, 2025 12:53 PM | Sports and Youth Affairs Minister Mansukh Mandaviya
ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত এঘণ্টা শাৰীৰিক সুস্থতা আৰু খেলৰ নামত উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি ক্ৰীড়ামন্ত্রী মনসুখ মন্দাভিয়াৰ আহ্বান
