ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 11, 2024 8:05 PM | space on wheels

printer

ইছৰ’ৰ সহযোগত SPACE ON WHEELS শীর্ষক অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ

অসম চৰকাৰে ইছৰৰ সহযোগত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতবৰ্ষই মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্রহসমূহৰ বিষয়ে অৱগত কৰোৱাৰ লক্ষ্যৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। SPACE ON WHEELS শীর্ষক এই পদক্ষেপৰ বিশেষ বাহনখন আজি জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। জাগীৰোডৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বাহনখনত উপলব্ধ কৃত্রিম উপগ্রহসমূহ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। চৰকাৰৰ এই পদক্ষেপে ছাত্র-ছাত্রীসকলক মহাকাশ সম্বন্ধে আগ্ৰহী কৰাৰ লগতে ভৱিষ্যতে এগৰাকী মহাকাশ বিজ্ঞানী হিচাপে নিজকে গঢ়ি তুলিবলৈ প্ৰেৰণা লাভ কৰিব বুলি ৰাজ্যৰ শিক্ষিত সমাজে আশা প্রকাশ কৰিছে।