জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা মেগা টিউবৰ কাম-কাজৰ বুজ লোৱাৰ লগতে ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গ্ৰহণ কৰা পদক্ষেপৰো বুজ লয়। ইপিনে, সমজিলা সম উন্নয়নৰ বাৰ্তা লৈ দুদিনীয়া ভ্ৰমণসূচীৰে মানকাচৰলৈ যোৱা ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তয়ো আজি অঞ্চলটোৰ খহনীয়া পৰিদৰ্শন কৰে।
উল্লেখযোগ্য যে, যোৱা প্ৰায় ডেৰ মাহ ধৰি অঞ্চলটোত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৪ আগষ্টত মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটোৰ ৫০০ মিটাৰ এলেকাত স্থায়ী খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ মেগাটিউবৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল। আজি মন্ত্ৰী দুগৰাকীৰ এই ভ্ৰমণৰ সময়ত বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জল সম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী, ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াসকল উপস্থিত আছিল।