ৰাজ্যত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে সংগঠিত হোৱা সাতজন লোকক কালি শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা দুটা অত্যাধুনিক পিষ্টল, দুটা মেগজিন, দুটা হস্তনির্মিত বন্দুক আৰু বুজন পৰিমাণৰ অন্য অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত চলোৱা এই অভিযানত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই লোককেইজনে অসম-অৰুণাচল সীমান্তত তথা জিলাখনৰ চপাই নদীৰ সমীপত নিৰ্মাণ কৰা এটা অস্থায়ী শিবিৰো আৰক্ষীয়ে উৎখাত কৰে। শিবিৰটোৰ পৰাও আৰক্ষীয়ে অস্ত্ৰ-শস্ত্র তথা আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিছে। এই লোককেইজন পূর্বে কোনো উগ্রপন্থী সংগঠন নাইবা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ধৃত লোককেইজন গাৱা বসুমতাৰী, ৰোহিত বসুমতাৰী, আখেব বসুমতাৰী, ৰুবুল বড়ো, আফতাৰচন নাৰ্জাৰী, আঞ্চলা ইছলাৰী আৰু ফিলিপ বসুমতাৰী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
Site Admin | July 22, 2025 1:19 PM | sonitpur arms and 7 arrest
শোণিতপুৰত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ ৭জন লোকক গ্ৰেপ্তাৰ
