ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 11, 2025 7:59 PM | sonitpur

printer

প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত শোণিতপুৰ জিলাত বিনামূলীয়া এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

 ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত নামভৰ্তিৰ বাবে অভিযান চলোৱা হব বুলি শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই এখন পত্রযোগে প্ৰকাশ কৰিছে। অহা ১৬ জুলাই পুৱা ১১ বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰত এই নামভৰ্তি অভিযান অনুষ্ঠিত হব। আই টি ই ই এছ ছিংগাপুৰৰ সহযোগিতাৰে অসম দক্ষতা বিকাশ অভিযানৰ অধীনৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত সৌন্দৰ্য চৰ্চা আৰু স্বাস্থ্য যতন, খুচুৰা সেৱাকে ধৰি বিভিন্ন বিষয়ৰ উচ্চমানৰ বৃত্তিমূলক প্রশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ নামভৰ্তিৰ বাবে প্ৰাৰ্থীসকল অনুসূচীত জাতিৰ হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। প্ৰশিক্ষাৰ্থীৰ বয়স ১৭ৰ পৰা ২৫ৰ বছৰৰ ভিতৰত হব লাগিব। ১৬ জুলাইত হবলগীয়া কাৰ্যসূচীত ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে থিতাতে নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। আগ্রহী অনুসূচীৰ জাতিৰ প্ৰাৰ্থীসকলক সেইদিনা সঠিক সময়ত উপস্থিত থাকি বিনামূলীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ আৰু উন্নত নিয়োগৰ সুযোগৰ বাবে সুবিধা গ্ৰহণ কৰিবলৈ শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।