ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 23, 2025 7:57 PM | sonitpur

printer

শোণিতপুৰ জিলাত ত্ৰিৰংগ যাত্রা আয়োজন

ভাৰতীয় সেনাবাহিনীৰ সাহসিকতাক সন্মান জনাই আজি শোণিতপুৰ জিলাত ত্ৰিৰংগ যাত্রা আয়োজন কৰা হয়। এই যাত্ৰাত বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী, বিজেপি জিলাৰ সভানেত্ৰী আদিৰ লগতে ভালসংখ্যক লোকে অংশগ্ৰহণ কৰে। তামুলপুৰ জিলাতো আজি সচেতন নাগৰিক মঞ্চৰ উদ্যোগত আৰু জিলা বিজেপিৰ সহযোগত ৰাজপথত ত্ৰিৰংগ যাত্রা অনুষ্ঠিত হয়। এই উদ্দেশ্যে তামুলপুৰৰ ঘগ্ৰা চকৰ পৰা গোৰেশ্বৰ চকলৈ প্ৰায় পাঁচ শহস্রাধিক লোকে হাতে হাতে ত্ৰিৰংগ লৈ দেশপ্ৰেমমূলক গীতেৰে তামুলপুৰৰ আকাশ-বতাহ মুখৰ কৰে।