ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 28, 2025 1:22 PM | sonitpur

printer

শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

উদ্যোগীকৰণ আৰু ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই অনুষ্ঠানত মুঠ ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিনিয়োগৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এহেজাৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ পথ মুকলি হ’ব বুলি আশা কৰা হৈছে। এই বিনিয়োগকাৰীসকলক জিলাৰ বিভিন্ন অঞ্চলত মাটি আবণ্টন দিবলৈ ভূমি বেংক স্থাপন কৰা হৈছে। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত জিলা প্ৰশাসনে অনুকুল ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলা আৰু অঞ্চলটোত ঔদ্যোগিকৰণক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।