December 19, 2025 7:00 PM | sonitpur

printer

শোণিতপুৰত আজিৰে পৰা ২৫ ডিচেম্বৰলৈ পঞ্চম সুশাসন সপ্তাহৰ আয়োজন

প্রশাসন ব্যৱস্থাত অধিক স্বচ্ছতা, গতিশীলতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাত সুশাসন সপ্তাহ অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাত আজিৰে পৰা ২৫ ডিচেম্বৰলৈ পঞ্চম সুশাসন সপ্তাহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত জনসাধাৰণৰ অভিযোগসমূহৰ খৰতকীয়া নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব। জিলাখনৰ চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিভাগীয় কার্যালয়ৰ চৌহদত বিশেষ অভিযোগ নিষ্পত্তি শিবিৰ অনুষ্ঠিত কৰি সমস্যাসমূহ সমাধানৰ প্ৰয়াস কৰা হ’ব। জিলা প্রশাসনে লগতে সেৱা সেতু প’ৰ্টেলত থকা আবেদনসমূহৰো শীঘ্ৰে সমাধান কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। তদুপৰি বিগত ৫ বছৰত শোণিতপুৰ জিলাত সুশাসনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সফল পদক্ষেপ সন্দর্ভত বিশেষ কর্মশালা আয়োজনৰো ব্যৱস্থা কৰা হৈছে।

তামুলপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্রেক্ষাগৃহত সুশাসন সপ্তাহ উপলক্ষে আয়োজিত কার্যসূচীত জিলা আয়ুক্ত পংকজ চক্রৱর্তীয়ে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক কামসমূহত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। কাৰ্যসূচীত পঞ্চায়ত আৰু গ্রামোন্নয়ন, স্বাস্থ্য, অসম গ্রামীণ জীৱিকা অভিযানৰ অন্তৰ্গত উন্নয়নমূলক কাম-কাজসমূহত আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।