চৰাইদেউৰ সোণাৰিত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি

চৰাইদেউ জিলাৰ সোণাৰিৰ ভজো মাজপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত  ভাষণ দি শ্ৰী মাৰ্ঘেৰিটাই কয়, যে বহু বীৰ বীৰাংগণাৰ বীৰত্বৰ স্মৃতি গাথা, সংগ্রাম তথা শৌৰ্য-বীৰ্যৰে আহোমৰ ইতিহাস সমৃদ্ধ। এনে চহকী ইতিহাসৰ সংৰক্ষণ আৰু সন্মানাৰ্থে অসম চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। অন্তিম দিনা সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনি দিনীয়াকৈ অনুষ্ঠিত অধিৱেশনৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাৰ সিদ্ধান্ত অনুসৰি ৫১ জন সদস্যৰে নতুন কাৰ্য নিৰ্বাহক সমিতি গঠন কৰা হয়।