January 22, 2026 8:36 PM | skill dev elopment

printer

ভাৰতৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয়ৰ বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰতৰ দক্ষতা আৰু কাৰিকৰী তথা বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পৰিৱেশ তন্ত্র শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয়ে আজি বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি এই চুক্তিৰ জৰিয়তে বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে সহযোগিতা স্থাপন কৰি দেশত দক্ষতা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা যাব। এই পদক্ষেপে দক্ষতা বিকাশৰ ক্ষেত্ৰত থকা ব্যবধান দূৰ কৰি দেশৰ যুৱ প্ৰজন্মক নিয়োগৰ ক্ষেত্ৰত অধিক যোগ্য কৰি তুলিব। এই বুজাবুজিৰ চুক্তিয়ে কৃত্রিম বুদ্ধিমত্তা, সেউজ শক্তি, ৰবাটিকছ আৰু উন্নত উৎপাদনৰ ক্ষেত্ৰত ভাৰতত থকা প্রতিভাসমূহ বিকশিত হোৱাত সহায় কৰিব বুলিও ম্যালয়ে লগতে উল্লেখ কৰে। এই পদক্ষেপ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি দক্ষতা বিকাশ আৰু ঔদ্যোগীকীকৰণ মন্ত্রী জয়ন্ত চৌধুৰীয়ে কয়, যে বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে স্বাক্ষৰিত এই চুক্তিয়ে ভৱিষ্যতৰ বাবে সাজু, বিশ্বব্যাপি প্রতিযোগিতামূলক কর্মশক্তি গঢ়ি তোলাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে ভূমিকা গ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।