আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে মুকুতা খেতিৰ বাবে কৃষকসকলক ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰ জিলাত যোৱা ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত সামর্থ্য বৃদ্ধি প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জয়সাগৰৰ মৎস্য প্রশিক্ষণ প্ৰতিষ্ঠানৰ অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ ৫ গৰাকী প্রগতিশীল মীন পালকৰ লগতে বিভাগটোৰ ক্ষেত্ৰ সহায়ক আৰু উন্নয়ন বিষয়াকে ধৰি ২০ জনীয়া এটা দলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক মুকুতা উৎপাদনৰ বৈজ্ঞানিক পদ্ধতি আৰু আধুনিক ব্যৱস্থাপনা সন্দৰ্ভত ব্যৱহাৰিক জ্ঞান দিয়া হয়। প্রশিক্ষণ কাৰ্যসূচীত অংশ লৈ শিৱসাগৰ জিলাৰ মীন বিষয়া ড° জ্যোতিপ্ৰসাদ ৰয়ে মীনপালকসকলৰ বাবে মুকুতা খেতি বিকল্প আৰু অতিৰিক্ত আয়ৰ অন্যতম উৎস হ’ব পাৰে বুলি উল্লেখ কৰে।
Site Admin | December 19, 2025 12:14 PM | sivsagar workshop
শিৱসাগৰ জিলাত অনুষ্ঠিত সামর্থ্য বৃদ্ধি প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি