শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত এন ই কনভাৰ্ছেছন অর্গেনাইজেচনৰ উদ্যোগত ‘নেতৃত্ব যুৱ সংসদ’

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত কালি এন ই কনভাৰ্ছেছন অর্গেনাইজেচনৰ উদ্যোগত নেতৃত্ব যুৱ সংসদ অনুষ্ঠিত হয়। বিভিন্ন মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ আৰু জনজাতিকৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে দুয়োটা বিষয় সন্দৰ্ভত দৃঢ়তাৰে আৰু যুক্তিসংগতভাৱে নিজ নিজ মতামত দাঙি ধৰাৰ লগতে সমাধানমুখী দৃষ্টিভংগীও উপস্থাপন কৰে। ৰাজ্যৰ এই দুটা জ্বলন্ত সমস্যাক লৈ প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাই তেওঁলোকে উপস্থাপন কৰা এনেধৰণৰ নিজস্ব বক্তব্যই সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।