২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিৱসাগৰত নাগৰিক সভা

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি শিৱসাগৰত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত শিৱসাগৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকে এই বাজেট সন্দৰ্ভত মত প্ৰকাশ কৰে৷ শিৱসাগৰ জিলা বিজেপিয়ে আজি এখন সংবাদমেলযোগে এই বাজেট সন্দৰ্ভত অৱগত কৰে। সংবাদমেলত মন্ত্রী যোগেন মহনে বাজেটখনক জনমুখী বুলি অভিহিত কৰি ইয়াৰ পৰা জনসাধাৰণে লাভ কৰিবলগীয়া সা-সুবিধা সম্পর্কে উল্লেখ কৰে। বাজেটত উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক, ক্ষুদ্র উদ্যোগ, জল পৰিবহণ, শিক্ষা, স্বাস্থ্য তথা দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে ধাৰ্য কৰা আঁচনিসমূহৰ বিষয়ে জানিবলৈ দিয়ে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও শ্ৰীমহনে উল্লেখ কৰে। তেওঁ বাজেটত ধার্য কৰা আঁচনিসমূহৰ সুবিধা ৰাইজক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।