June 17, 2025 12:48 PM | sivsagar cm ongc

printer

শিৱসাগৰৰ গেছ নিৰ্গমণ থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, আশ্ৰয় শিবিৰৰ লোকসকলৰে মতবিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছ নির্গমণ থলীত উপস্থিত হৈ আশ্রয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে গেছ নির্গমণ ৰোধ কৰাৰ বাবে অনতিপলমে ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰে। ভটীয়াপাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে তেলৰ ৰীগটো পৰিচালনা কৰা ব্যক্তিগত খণ্ডৰ এছ কে পেট্ৰ’ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে। ড০ শৰ্মাই ঘটনা সন্দৰ্ভত অ’ এন জি চিৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলিও উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিছে আৰু প্ৰয়োজন সাপেক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰিব। তৈল প্রতিষ্ঠানটোৰ অধ্যক্ষৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বুলি উল্লেখ কৰে। এই ঘটনাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যা ৰাজ্য চৰকাৰে উপলব্ধি কৰিছে আৰু তেওঁলোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ সময়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বৰা, পৰিবহণ মন্ত্রী যোগেন মহন, খনি আৰু খনিজাত বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু অ’ এন জি চিৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, গেছ নির্গমণ ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ২৪ ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। তদুপৰি ঘটনাস্থলীৰ নিকটৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱাপানী আৰু আহাৰ যোগান ধৰি থকা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে। জিলা অগ্নি নির্বাপক বাহিনী, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অগ্নি নির্বাপক বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত গেছ নির্গমণ ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ১ কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্ৰ স্থাপন কৰা হৈছে। যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেল কূপটোত গেছৰ নিৰ্গমণ আৰম্ভ হয়। প্রচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ ৭০টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। ইপিনে, এই ঘটনাৰ প্ৰতিবাদত কালি অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সংগঠনটোৱে এছ কে পেট্ৰ’ল নামৰ ব্যক্তিগত প্রতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ জাখিল কৰিছে। অঞ্চলটোৰ ৰাইজে ততালিকে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।