January 25, 2025 12:28 PM | sivsagar aasu

printer

শিৱসাগৰত ২৭-২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শিৱসাগৰৰ ৰংপুৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত ২৭ আৰু ২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ’ব। এই সভাৰ বাবে প্ৰস্তুতি পূর্ণ গতিত চলি আছে। শিৱসাগৰত হ’বলগীয়া এই সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ হাজাৰৰো অধিক ছাত্র প্রতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলা- কুশলীয়ে অংশগ্ৰহণ কৰিব। জিলাখনৰ ঐতিহ্য-পৰম্পৰাক পৰিকল্পিতৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যে তলাতল ঘৰৰ বাকৰিৰ মূল মণ্ডপৰ সন্মুখত চৰাইদেউৰ এটা প্ৰতীকী মৈদাম নিৰ্মাণ কৰা হৈছে। এই প্রতীকী মৈদামৰ মাজেৰেই সাধাৰণ সভাৰ অতিথি-প্ৰতিনিধি আৰু অন্যান্য লোক প্ৰৱেশ কৰিব। অতিথিয়ে জিৰণি ল’বৰ বাবে ৰংঘৰৰ আৰ্হিত এটা অতিথিশালা নিৰ্মাণ কৰা হৈছে। সেই স্থানতে আছুৰ প্ৰতীক তথা গুলীবিদ্ধ শ্বহীদৰ প্ৰতিমূৰ্তিৰে এটা বিশাল আকাৰ শ্বহীদ বেদী স্থাপন কৰা হ’ব। লগতে শৰাইঘাটৰ ৰণ, পলু বগাই থকা চোমনীবাৰী আৰু জয়মতীৰ আত্মত্যাগৰ দৃশ্য উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে ৩০ হাজাৰ বৰ্গফুটৰ এটা মণ্ডপ নিৰ্মাণ কৰা হৈছে।