February 28, 2025 1:37 PM | sivsagar

printer

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রীৰ মন্তব্য

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত শিৱৰাত্ৰি উৎসৱৰ সামৰণি অনুষ্ঠানত অংশ লৈ কালি তেওঁ এই বিষয়ে প্রকাশ কৰে। অহা বছৰৰ পৰা এই শিৱৰাত্ৰি উৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়। এই অনুষ্ঠানতে তেওঁ মুক্তিনাথ নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী সভাত তেওঁ ধ্যান আৰু যোগ সকলো শ্ৰেণীৰ লোকৰ বাবে অনুকৰণীয় বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।