ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 24, 2024 8:21 PM | sivsagar

printer

শিৱসাগৰত জ্ঞানপীঠ বঁটাপ্ৰাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী অনুষ্ঠান

শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আজি জ্ঞানপীঠ বঁটাপ্ৰাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয়। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী উদযাপন সমিতি, শিৱসাগৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দ্ৰন শৰ্মাই “বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য : মন, মনন আৰু মতাদর্শ” শীর্ষক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত শিৱসাগৰ জিলাৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে চমু বক্তৃতা, কবিতা আবৃত্তি, গীত- মাত আদি পৰিৱেশন কৰে।