November 6, 2025 8:21 PM | sivraj ching

printer

এদিনীয়া ভ্রমণসূচীৰে কাইলৈ মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ ভ্রমণ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ এদিনীয়া ভ্রমণসূচীৰে মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ আৰু ইয়াৰ কাষৰীয়া গ্রামীণ অঞ্চলসমূহ ভ্রমণ কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ধ্যালয়ে প্রকাশ কৰা অনুসৰি, মন্ত্ৰীগৰাকীয়ে কৃষি আৰু গ্রামীণ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ৰূপায়ণ আৰু স্থানীয় কৃষকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বান ক্ষতিগ্রস্ত অঞ্চলসমূহৰ অৱস্থাৰ পৰ্য্যালোচনা কৰিব।

এই ভ্রমণকালত মন্ত্ৰীগৰাকীয়ে কৃষক আৰু গাঁওবাসীৰ সৈতে কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা কৰিব। মন্ত্রী শ্রীচৌহানে আৰণপুৰ গাঁৱৰ বানে ক্ষতি কৰা দলং আৰু আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে পৰ্য্যালোচনাও কৰিব। তেওঁ লগতে ঘাৰকুল গৃহ প্ৰকল্পৰ হিতাধিকাৰীৰ পৰিয়াল আৰু স্থানীয় গাঁওবাসীৰ সৈতে বাৰ্তালাপ কৰিব। শ্রীচৌহানে খানগাঁও-তপোবন দলং আৰু গভীৰ নলী-নাদ সন্দর্ভত পর্যালোচনা কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।