শিৱসাগৰ জিলাৰ জাঁজী মৰাণছিগাৰ মহাভৈৰৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু মৰাণছিগাবাসীৰ সহযোগত কালিৰেপৰা ১ জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্রতিযোগিতাৰ আসন প্রতিষ্ঠা, শৰাই অর্পণ, কীর্তন পাঠ আদি কৰা হয়। সন্ধিয়া প্ৰথম দিনাৰ ভাওনাত গোলাঘাটৰ সাৰংগপানী শিল্পী সমাজৰ দ্বাৰা ‘ভাতৃবধূ’ নাট পৰিবেশন কৰা হয়। ইয়াৰ পাছতে মৰাণহাটৰ বকুলবন নাট্যগোষ্ঠীয়ে ‘ৰাম পৰাজয়-সীতাৰ পাতাল গমন’ নাট পৰিৱেশন কৰে। আজি শিৱসাগৰৰ কুহেলিকা নাট্যগোষ্ঠীয়ে সিন্ধুমণিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ আৰু দুলীয়াজানৰ আলোক সমন্বয় নাট্য গোষ্ঠীয়ে দক্ষ যজ্ঞ নাট পৰিৱেশন কৰে। ৯ জানুৱাৰীত সদৌ অসম শিশু ভাওনা প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে।
Site Admin | January 6, 2026 12:44 PM | sivsagar
শিৱসাগৰত কালিৰেপৰা ১ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত