ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 7, 2025 6:58 PM | Death

printer

শিৱসাগৰৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

শিৱসাগৰ জিলাৰ নাজিৰাৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ আজি পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। হৃদ ৰোগকে ধৰি অন্যান্য শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ যোৱা ১ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল। বিবিচি এছিয়া পেচিফিকৰ সম্পাদকৰ দায়িত্বত থকা শচীন গগৈৰ মাতৃ অঞ্জলী গগৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰয়াত গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।