November 8, 2025 12:32 PM | sitharaman cm guwahati

printer

গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু সতী ৰাধিকা উদ্যান উদ্বোধন কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অব্ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৬৩২ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প দুটা নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰক্ষা, বহনক্ষমতা আৰু সুচল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি অভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা গে’টৱে অব্ গুৱাহাটী হৈছে সকলো বতৰতে কাৰ্যক্ষম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভাসমান টার্মিনেল। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পই জলপৰিবহণৰ দিশত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব। ব্ৰহ্মপুত্র পাৰৰ সৌন্দৰ্য বৰ্ধনৰ উপৰি মহানগৰবাসীৰ সুবিধা হোৱাকৈ এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধন কাৰ্য নীলাচল পাহাৰ পৰ্যন্ত সম্প্ৰসাৰণ কৰা হ’ব।