কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি বিয়লি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ষ্টার্ট আপ খণ্ডৰ অংশীদাৰসকলৰ সৈতে প্রাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্তীয় ৰাজ্যমন্ত্রী পংকজ চৌধৰী, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য সংবর্ধন বিভাগৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে।
ইয়াৰ পূর্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত বাজেট সন্দৰ্ভত মূলধনী বজাৰৰ সৈতে জড়িত একাংশ অংশীদাৰৰ সৈতে চতুৰ্থখন প্রাক বাজেট আলোচনাত মিলিত হয়।
বিত্ত মন্ত্রালয়ে একোটা বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে প্ৰতিবছৰে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, উদ্যোগপতি, অর্থনীতিবিদ আৰু ৰাজ্যিক বিষয়বৰ্গৰ সৈতে কেইবাখনো প্রাক্ বাজেট আলোচনা বৈঠকত মিলিত হয়।