ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 23, 2025 12:51 PM | Sitaromon

printer

ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান বিত্তমন্ত্ৰীৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আমেৰিকাৰ ছেন ফ্ৰান্সিস্কত তথ্যপ্রযুক্তি খণ্ডৰ কেইবাগৰাকী নেতাক সাক্ষাৎ‍ কৰি ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়। শীর্ষ মুখ্য কার্যবাহী বিষয়াসকলৰ সৈতে হোৱা আচুতীয়া বৈঠকত শ্ৰীমতী সীতাৰমনে কৃত্রিম বুদ্ধিমত্তা, ক্লাউড আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিভিন্ন সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমূলক নীতিসমূহ সন্দৰ্ভত সকলোৰে মতামত শুনাৰ লগতে বিত্ত মন্ত্ৰীয়ে বৰ্তমানৰ নীতিৰ গাঁথনি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লগতে ভাৰত আৰু আমেৰিকাৰ মাজৰ গভীৰ তথা ব্যাপক পৰিসৰৰ বিনিয়োগ সহযোগিতাৰ বাবে থকা আগ্ৰহৰ বিষয়ে জনোৱাৰ লগতে বিনিয়োগৰ অভিজ্ঞতা উজু কৰাৰ বিষয়েও মত প্ৰকাশ কৰে।