ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইটালীৰ মিলানত অনুষ্ঠিত এডিবি শীর্ষক সন্মিলত নির্মলা সীতাৰমণৰ অংশগ্ৰহণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি কয় যে ভাৰতে বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি সফলতাৰে সম্পন্ন কৰি আহিছে আৰু ইউৰোপীয় সংঘৰ সৈতে দেশৰ পৰম্পৰাগত সম্পৰ্কৰ বাবে ইউৰোপীয় সংঘ ভাৰতৰ অগ্ৰাধিকাৰৰ শীৰ্ষত আছে। ইটালীৰ মিলানত অনুষ্ঠিত এডিবি শীর্ষক সন্মিলন সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে বিশ্বব্যাপী হোৱা বিভাজনৰ কথা দোহাৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্কনীতিৰ ফলত অনিশ্বয়তা বৃদ্ধি পাইছে বুলি কয়। বিশ্বব্যাপী যোগান শৃংখলা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে যোগান শৃংখলাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী হ্রস্বম্যাদী নহয়। মন্ত্ৰীগৰাকীয়ে ৫৮সংখ্যক এডিবি বার্ষিক সভা ২০২৫ৰ আন এটা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বেংকসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। মূল ভাষণত তেওঁ বেংকিং ব্যৱস্থা দক্ষতাৰে পৰিচালনা কৰা আৰু সকলো স্তৰৰ গ্ৰাহকক সেৱা প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় উদ্যোগ খণ্ডক সহায় কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বেংকসমূহৰ ভূমিকাক প্ৰশংসা কৰে আৰু লগতে আন্তঃৰাষ্ট্ৰীয় বেংকসমূহক ভাৰতত তেওঁলোকৰ উপস্থিতি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।