ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 1, 2024 8:26 PM | Sitaramon

printer

ইটানগৰ আৰু নামছাইত জনসম্পৰ্ক ৰক্ষা কাৰ্যসূচীত নির্মলা সীতাৰমণৰ অংশগ্রহণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে বর্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছে। তেওঁ জন-ধন যোজনাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ইটানগৰত আজি ঋণ প্রদান কৰা সন্দৰ্ভত আয়োজন কৰা এটা জন সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভালেমান চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকৰ পৰা কোনো ধৰণৰ বন্ধক নোহোৱা আৰু নথি-পত্ৰৰ দীঘলীয়া প্ৰক্ৰিয়া নোহোৱাকৈ জনসাধাৰণক ঋণ প্ৰদান কৰাটো নিশ্চিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ঋণ প্রদান কৰা সন্দৰ্ভত আয়োজন কৰা জনসজাগতা কাৰ্যসূচীয়ে সাধাৰণ লোকসকলক চৰকাৰৰ জনকল্যাণকাৰী আঁচনিসমূহৰ সুবিধাসমূহৰ সমীক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰে। শ্ৰীমতী সীতাৰমনে চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ১৬০ গৰাকী হিতাধিকাৰীক ঋণৰ অনুমোদন পত্ৰ প্ৰদান কৰে ৷ ইফালে, বিত্তমন্ত্রী নির্মলা সীতাৰমনে কালি ইটানগৰৰ ৰাজভৱনত অৰুণাচলৰ ৰাজ্যপাল লেফটেণেণ্ট জেনেৰেল কে টি পাৰনায়কক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যখনৰ বিভিন্ন আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।